Titus 2

মণ্ডলীভুক্ত নানা লোকক দিব লগীয়া শিক্ষাৰ বৃত্তান্ত

1কিন্তু তুমি নিৰাময় শিক্ষাৰ সৈতে উপযুক্ত কথা ক’বা৷ 2পৰিচাৰক সকল যেন পৰিমিত ভোগী, ধীৰ, বিবেচক, বিশ্বাসত গভীৰ, প্ৰেমত আৰু ধৈর্য্যত নিৰাময় হয়৷

3সেইদৰে পৰিচাৰীকা সকলেয়ো যেন পবিত্ৰ লোক সকলৰ দৰে আচাৰ-ব্যৱহাৰ দেখুৱায় আৰু অপবাদিকা বা বহু দ্ৰাক্ষাৰসৰ আসক্ত নহয়৷ তেওঁলোকে যি উত্তম, সেই শিক্ষা তেওঁলোকে দিয়ক৷ 4ইয়াৰ দ্বাৰা তেওঁলোকে যেন যুৱতী সকলক তেওঁলোকৰ চিন্তাধাৰাত সুস্হিৰ হবলৈ, পতি-প্ৰিয়া আৰু সন্তান-প্ৰিয়া হবলৈ উৎসাহিত কৰে, বিবেচক হবলৈ, 5নিৰ্দোষী, ঘৰ-ধৰোতা, সু-স্বভাবী, আৰু নিজ নিজ স্বামীৰ বশীভুতা হবলৈ শিকাই বুজাই সুবুদ্ধি কৰি তোলে; তেওঁলোকে এনে শিক্ষা দিয়ক, যাতে ঈশ্বৰৰ বাক্য নিন্দিত নহয়৷

6সেইদৰে যুৱক সকলকো সুবোধ হবলৈ উদগোৱা৷ 7নিজে সকলো বিষয়তে সৎ কর্মৰ আর্হি হৈ, শিক্ষা দিওঁতে শুদ্ধতা, ধীৰতা আৰু অনিন্দনীয় নিৰাময় বাক্য প্ৰকাশ কৰিবা; 8তেতিয়া বিৰোধী মানুহে আমাৰ বিষয়ে কোনো কু-কথা কবলৈ নোপোৱাত, লাজ পাব।

9দাস সকলে সকলো বিষয়ত তেওঁলোকৰ প্ৰভু সকলৰ আজ্ঞাধীন হব লাগে৷ তেওঁলোকৰ প্ৰতি সন্তোষ-দায়ক হব লাগে, কিন্তু উত্তৰা-উত্তৰি নকৰি 10আৰু হাত লৰ নহৈ, বৰং সকলোতে উত্তম বিশ্বস্ততা দেখুৱাবৰ বাবে তেওঁলোকক উদগোৱা, তাতে আমাৰ ত্ৰাণকর্ত্তা ঈশ্বৰৰ শিক্ষাই সকলো বিষয়তে তেওঁলোকক ভূষিত কৰক৷
2.10 মথি ৫:১৬; ফিলি ২:১৫; ১ পি ২:৯

11কিয়নো সকলো মানুহলৈ পৰিত্ৰাণ অনা ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশিত হ’ল; 12আৰু আমি ভক্তি লঙ্ঘন আৰু সাংসাৰিক অভিলাষ অস্বীকাৰ কৰি, গম্ভীৰ, ধার্মিক আৰু ভক্তিভাবে এই বর্তমান সংসাৰত যেন জীবন যাপন কৰোঁ, সেই অনুগ্ৰহে এনে শিক্ষা আমাক দিছে। 13এতিয়া আমি পৰম ধন্য আশা সিদ্ধিৰ অৰ্থে মহান ঈশ্বৰ আৰু আমাৰ ত্ৰাণকর্ত্তা যীচু খ্ৰীষ্টৰ প্ৰতাপৰ আবির্ভাৱৰ বাবে যেন অপেক্ষা কৰি থাকো৷

14আমাক সকলো অধর্মৰ পৰা মুক্ত আৰু শুচি কৰিবলৈ যীচুৱে নিজকে উৎসর্গ কৰিলে, যাতে আমি মূল্যৱান ব্যক্তি সকলৰদৰে সকলো সৎকর্মত উদ্যোগী হওঁ।

তুমি এইবোৰ কথা কৈ সম্পূর্ণ ক্ষমতাৰে উদগোৱা আৰু অনুযোগ কৰিবা; তোমাক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা।

15

Copyright information for AsmULB